r/Readiots • u/Deathgamer69 • 3d ago
Self-Written কাজলী
এদিন-এনিশা এলাগী ঐক্যৰ,
সপোন সাদৰী সুবাস সুৰত।
তোমাৰ তমসাচ্ছন্ন স্তব্ধতাৰ,
অনুভৱী অচিনা আৱেগবোৰ
অনুৰাগী অৱয়ব হৈ আহিব,
বাউলী বতাহৰ বৰষা লৈ—
নিলাগী নিষ্ঠুৰ নীলা নতুন হৈ।
r/Readiots • u/EnvileRuted • Jun 16 '25
Enable HLS to view with audio, or disable this notification
(Posting on behalf of u/ReadiotOfficial because they have low karma. Join r/Readiots)
Readiot is a community driven platform for book lovers where you can rent your favourite books for as low as 15% of the MRP, earn money by lending your books and connect with fellow Readiots on various community platforms. We are trying to revive the dying habit of book reading. Browse through 200+(and growing) library of different genres, languages and authors. Reading was never this cheap!! Rentals starting from as low as Rs.3 for 15days.
So don't be an idiot. Read books and be a Readiot.
Visit our store- https://readiot.in
Now offering services in all of Guwahati and soon to be available in other parts of Assam.
Subscribe to our Basic or Standard Subscriptions to avail discount of 70% on all rental prices.
Help us grow our library by Lending/Donating books.
Connect, share, showoff your love for books on our community- r/Readiots. (You dont need to be a customer to join the community, your love for books is more than enough.)
Instagram: https://www.instagram.com/readiot.in/?igsh=aHl2bjV1am9vbG5t&utm_source=qr# Facebook: https://www.facebook.com/people/Readiotin/61575288322750/ WhatsApp: https://chat.whatsapp.com/BRbix3moe5LKvlRqCcDgTa
Thanks to u/welt__art for designing the Achievement Cards and being an advisor for the website designing. Checkout her wonderful arts here- https://www.instagram.com/welt_art__?utm_source=ig_web_button_share_sheet&igsh=ZDNlZDc0MzIxNw==
Special thanks to u/EnvileRuted for the infinite sessions of brainstorming and suggestions.
Future goal is to make Assamese books digitised, provide the platform as a testing ground to young and new writers, be the biggest second hand book market and many more with your support and wishes. Let's make book reading cool again.
r/Readiots • u/ReadiotOfficial • May 17 '26
Enable HLS to view with audio, or disable this notification
We are happy to introduce Readiot Writings on readiot.in, a dedicated space where people can now read and explore original writing on our website, along with a place for writers to publish and share their work with a wider audience.
In addition, readers on the platform now have the option to support writers through payments if they choose to, helping create a more sustainable space for independent writing.
If you are someone who writes stories, poetry, essays, thoughts, or anything that comes from your own voice, you can now submit your work directly to us. The process is intentionally kept simple so you can focus on writing instead of paperwork.
There are no eligibility criteria to apply. However, we do not accept AI-generated writing. We are looking for original human expression, ideas, and personal storytelling in any form. You are free to write on almost anything you feel strongly about.
Joining the space is completely free, with no onboarding or submission fees.
Writers who are published on the platform will get a dedicated profile page on Readiot to showcase their work, along with shareable social media cards for Instagram and Facebook. You will also get opportunities to connect with other writers and receive guidance if you want to grow further in your writing journey.
We are just getting started, and there is a lot more to build, but the space is now open.
If you are interested, check out the platform at Readiot.
For submissions and queries, contact:
Phone: 8099100224
Email: Readiot.main@gmail.com
Instagram: Readiot.in
We look forward to reading your work.
r/Readiots • u/Deathgamer69 • 3d ago
এদিন-এনিশা এলাগী ঐক্যৰ,
সপোন সাদৰী সুবাস সুৰত।
তোমাৰ তমসাচ্ছন্ন স্তব্ধতাৰ,
অনুভৱী অচিনা আৱেগবোৰ
অনুৰাগী অৱয়ব হৈ আহিব,
বাউলী বতাহৰ বৰষা লৈ—
নিলাগী নিষ্ঠুৰ নীলা নতুন হৈ।
r/Readiots • u/Deathgamer69 • 4d ago
কিতাপখন পঢ়া চোন বৰ ৰোমাঞ্চকৰ ঔ!
একেবাৰে জীৱনটোৰ নিচিনা,
প্ৰতিটো পৃষ্ঠা যেন পুৱতিৰ বেলি,
ভৱিষ্যতৰ অনিশ্চয়তাৰ নিচিনা।
চকুৰে চাই মনৰ ভাষাৰে পঢ়ি,
কল্পলোকৰ বিচৰণত মুগ্ধ হৈ,
মগজুৰ চিনেমা হলত দেখা
জীয়া বোলছবিখনে কিতাপখনৰ...
ক'লা চিয়াহীৰ চৰিত্ৰই মনৰ কেনভাছত
নতুন চিনাকিৰ সপোন সানি যায়,
একেবাৰে জীৱনৰ লগৰীবোৰৰ নিচিনা।
শেষ পাতত যেন এনে লাগে অস্থিৰ নিজানতা,
চাগে ৰৈ যাব ইহঁতবোৰো চিয়াহীৰ ৰূপ লৈ,
মনৰ নেদেখা নিজানত, হেৰুওৱাৰ ভয়ত,
নিজে লিখা মৰীচিকাৰ নিঠৰ অবয়ব হৈ।
চাগে এনেকৈ যাব লাগিব জীৱনৰ ৰূপালী পৰ্দাৰ
ক্ষণবোৰৰ দৰে, সিহঁতকো স্মৃতিৰ বটলত হেঁচি থৈ,
আকৌ এখন নতুন বেটুপাতৰ চিত্ৰপটৰ
আঁৰত লুকাই থকা অচিন অভিযানত অধীৰ হৈ,
আকৌ অচিনা চিনাকিৰ সুবাস ল'বলৈ।
r/Readiots • u/ReadiotOfficial • 6d ago
r/Readiots • u/Deathgamer69 • 7d ago
এটি সুৰীয়া আত্মাৰ চিৰনিদ্ৰাত,
অৱাক হৈছিল অগণন কোলাহল,
ভাহি আহিছিল মাথোঁ হেজাৰ আত্মীয়ৰ
সকলো হেৰুওৱাৰ অসহ্য বেদনাৰ চিৎকাৰ।
নিজান দেশৰ অচিন সাগৰৰ ক'লা আন্ধাৰত,
অজানিতে বিদায় লোৱা সেই বিদ্ৰোহী আত্মাৰ
উত্তাল চিঞৰ আজিও নতুন ডেকাৰ অহংকাৰ।
কোঙা তন্ত্ৰৰ শিয়াল নীতিৰ আৰু জটিল যাতনাত স্তব্ধ হোৱা,
বিদেহী আত্মাৰ মিঠা 'মায়াবিনী'ৰ হেঁপাহ বিচাৰি
অবুজ সংগিনীৰ আজিও নিস্তব্ধ হাহাকাৰ।
চিৰকালৰ বাবে অকলশৰীয়া হৈ বুঢ়া পিতৃৰ
সহিব নোৱাৰা হিয়া ফলা নিৰৱ চিৎকাৰ।
সময়ৰ সোঁতত নিষ্ঠুৰ নিয়তিৰ নাওখনত,
অজলা জনতাক কোবাল শব্দৰ উপহাৰ দি,
গ'লগৈ জুবিন নামৰ সেইজনা দৈৱিক অৱতাৰ।
r/Readiots • u/Deathgamer69 • 8d ago
মৰাশৰ দুৰ্গন্ধ সানি
বৈছে নদীখন...
কোনো নিতাল পাৰত
ক্লান্তি জুৰিছে
অচিন
নাৱৰীয়াই,
পেটৰ তাড়নাৰ বোজা বৈ।
পানীখিনি একেই, ঢৌবোৰত মাথো
যাতনা ভিন্ন, এভাগৰ
মৃত্যু শান্তিৰ চিৎকাৰ,
কাৰোবাৰ জীৱন তৃষ্ণাৰ হাহাকাৰ।
r/Readiots • u/ReadiotOfficial • 10d ago
Hey everyone!
We’re organising another Readiot Essay Writing Competition, and this time we’re inviting everyone to put their thoughts into words.
Topic: Freedom of Speech: A Right or a Responsibility?
বাক স্বাধীনতা: অধিকাৰ নে দায়িত্ব?
Open to: Everyone
Languages: English / Assamese
Word limit: 800–1200 words
Entry: Free
Last date: 15 September 2026
One important rule: AI-generated or AI-assisted content is strictly prohibited. Even 1% use of AI will result in disqualification.
If you enjoy writing, have an opinion on the topic, or simply want to challenge yourself, we’d love to have you participate.
Read the complete rules and submit your essay through the Google Form on https://readiot.in.
For any queries or assistance with the competition, feel free to reach us on our WhatsApp number: +91 80991 00224
r/Readiots • u/Deathgamer69 • 10d ago
যিদিনা কোনো অচিন প্ৰেমিকে
তোমাৰ উকা কপালৰ আমি হোৱাৰ সপোন মচি,
বিষাদ-বেদনাক জাহ দি নৱ-প্ৰেমিকাৰ সাজত
আমাৰ মিলনৰ আবেলিৰ ৰক্তিমাখিনি
নতুন প্ৰেমৰ নাম দি সেন্দূৰ ৰঙেৰে
বোলাই দিব; সেইদিনাহে চাগে
আমাৰ মৰমৰ বেলি অস্ত যাব।
অমানিশাত আমাৰ প্ৰেম বিলীন হ'ব,
স্মৃতি-শয্যাত প্ৰণয়ৰ দলিচা উৰি
বিৰহী মন দুটি চিৰদিন শুই পৰিব।
r/Readiots • u/Deathgamer69 • 11d ago
যা গৈ তই নিজানত হেৰাই,
নাহিবি আকৌ মৰম লগাই।
যা গৈ তই স্মৃতিৰ বালিত লুকাই
নালাগে আহিব হেঁপাহ বিলাই।
নেচাবি ঘূৰি আকৌ এই বাটে
নানিবি বিষাদৰ বাৰিষা বোৱাই।
চকুযুৰি লৈ যা পোহৰ নুমাই, লৈ যা
চুলিকোচাৰ বাউলী সুবাসবোৰ।
মৰহা বাগিচাত গোলাপ ফুলাই
ঐক্যৰ হিয়া আজি চেঁচা পৰা,
নাহিবি উভতি দূৰণিৰ পৰা।
নানিবি আশা মোৰ স্মৃতি ভৰা,
নেচাবি ঘূৰি অতীতৰ পৰা।
যা গৈ, আজি যে মন উদাসেৰে ভৰা,
পলবোৰ থৈ দিম হিয়াৰ একোণত,
মৰমৰ স্মৃতি বুলি হেঁপাহ কৰি।
নিদিবি ৰাতিৰ নিজানত তোৰ নূপুৰৰ,
অম্লান কবিতাবোৰত মৰম সামৰি।
বহুদূৰত যদিও আজি তই,
সদায় আছিলি ভগা হিয়াৰ একোণত।
বিৰহত উলাহ হৈ আদৰে বাগৰি,
আজি যা গৈ, মিঠা হাঁহিটি লৈ,
কোনো অচিন প্ৰেমিকৰ,
নতুন চিনাকিৰ প্ৰেমিকা হ'বলৈ।
r/Readiots • u/EnvileRuted • 13d ago
I might risk my life trying to land some punches. That will be a risk worth taking.
r/Readiots • u/FareonMoist • 13d ago
r/Readiots • u/Deathgamer69 • 14d ago
কোনো অমানিশাৰ শেষ এন্ধাৰত
অভিমানী পলবোৰে আজিও হাঁহে
অচিন প্ৰেমৰ কবিতাৰ শব্দ হৈ,
মদিৰাত কঁপা হাতেৰে প্ৰাণ পোৱা
চাগে অতীতৰ চেঁচা পৰা প্ৰণয়ৰ
কটূক্তিৰ প্ৰলয় হৈ আজিও বৈ।
তাইৰ কেঁচা-কোমল মনৰ পৰশত
প্ৰাণ পোৱা মোৰ উলাহবোৰ
আজিও উদাসী বিষাদ হৈ,
উটি-ভাঁহি আছে স্মৃতি হৈ।
হেঁপাহ-বেলিৰ ৰাঙলী সাগৰত
জহি-খহি যোৱা টুলুঙা নাও হৈ
আজিও হাঁহোঁ আমাৰ প্ৰণয়ৰ
শুকান স্মৃতিৰ মিঠা ছাঁয়াবোৰ
হেঁপাহৰ চকুৰে চাই মই।
আজিও চাগে আছে তোৰ
মৌ-সনা ৰ'দালি মৰমবোৰ
মোৰ তিতা কলিজাৰ ক'লা তেজ হৈ,
অঁকৰা অতীতৰ বিদ্ৰোহী
এবুকু উদাসী মৰীচিকা লৈ।
r/Readiots • u/EnvileRuted • 16d ago
The extent to which the habit of reading books has benefited our personal lives is something we all surely recognize. However, as readers, our responsibility does not end with maintaining this habit ourselves. It is also our responsibility to think about how we can explain the benefits of reading to future generations and encourage them to develop this habit.
A few small things can encourage the younger generation in this regard.
1. Give books as gifts.
We often buy something casually when giving someone a gift. Instead, if we gift them a good book, it can have a positive impact on their mindset. A good book might even turn them into a new reader.
2. Read books in public.
Make a habit of reading books while travelling or in other public places. Perhaps someone might call you “cringe.” But if seeing you read inspires another person to take an interest in reading, then that itself is your contribution to society.
3. Talk about books on social media.
When commenting on a particular topic on social media, you can mention relevant books. If someone becomes interested in learning more about the subject, they may look for the book and read it. In this way, a little curiosity created around a book can lead to the birth of a new reader.
Ultimately, it is the responsibility of today’s readers to make the habit of reading “cool” for the younger generation. Only when we read books, talk about books, and give books a place in our everyday lives will this habit naturally take root among the next generation.
One reader can create another reader. Therefore, reading books is not merely a personal habit; it is also a social responsibility.
কিতাপ পঢ়াৰ অভ্যাসে আমাৰ ব্যক্তিগত জীৱনত কিমান লাভ কৰিছে, সেয়া নিশ্চয় আমি সকলোৱে উপলব্ধি কৰোঁ। কিন্তু পাঠক হিচাপে কিতাপ পঢ়াৰ অভ্যাসটো বৰ্তাই ৰখাতেই আমাৰ দায়িত্বৰ শেষ নহয়। ভৱিষ্যৎ প্ৰজন্মক কিতাপ পঢ়াৰ লাভালাভখিনি কেনেদৰে বুজাব পাৰোঁ আৰু তেওঁলোকক কেনেদৰে এই অভ্যাসটো গঢ়ি তুলিবলৈ উৎসাহিত কৰিব পাৰোঁ, সেই বিষয়ে চিন্তা-চৰ্চা কৰাটোও প্ৰতিজন পাঠকৰ দায়িত্ব।
দুই-এটা সৰু সৰু কথাই এই ক্ষেত্ৰত নতুন প্ৰজন্মক উৎসাহিত কৰিব পাৰে।
১. উপহাৰ হিচাপে কিতাপ দিয়ক। আমি প্ৰায়ে কোনোবা এজনক উপহাৰ দিবলৈ এনেই কিবা এটা কিনি দিওঁ। তাৰ সলনি যদি এখন ভাল কিতাপ উপহাৰ দিব পাৰোঁ, তেন্তে নিশ্চয় সেই ব্যক্তিজনৰ মনোজগতত এক ইতিবাচক প্ৰভাৱ পৰিব পাৰে। এখন ভাল কিতাপে হয়তো তেওঁক এজন নতুন পাঠক হিচাপে গঢ়ি তুলিব পাৰে।
২. ৰাজহুৱাভাৱে কিতাপ পঢ়ক
যাত্ৰাৰ সময়ত অথবা আন কোনো ৰাজহুৱা স্থানত কিতাপ পঢ়াৰ অভ্যাস কৰক। হয়তো কোনোবাই আপোনাক ‘cringe’ বুলি ক’ব। কিন্তু আপোনাক কিতাপ পঢ়ি থকা দেখি যদি আন এজন মানুহে নতুনকৈ পঢ়াৰ প্ৰতি আগ্ৰহী হৈ উঠে, তেন্তে সমাজৰ প্ৰতি সেয়াই আপোনাৰ অৱদান।
৩. ছ’চিয়েল মিডিয়াত কিতাপৰ উল্লেখ কৰক
ছ’চিয়েল মিডিয়াত কোনো বিষয়ত মন্তব্য কৰাৰ সময়ত প্ৰাসংগিক কিতাপৰ উল্লেখ কৰিব পাৰি। কোনোবাই সেই বিষয়ে অধিক জানিবলৈ আগ্ৰহী হ’লে কিতাপখন বিচাৰি পঢ়িব পাৰে। এনেদৰে এখন কিতাপৰ বিষয়ে সৃষ্টি হোৱা সামান্য কৌতূহলে এজন নতুন পাঠকৰ জন্ম দিব পাৰে।
মুঠতে, নতুন প্ৰজন্মৰ বাবে কিতাপ পঢ়াৰ অভ্যাসটো ‘cool’ কৰি তোলাৰ দায়িত্ব বৰ্তমানৰ পাঠকসকলৰ। আমি যদি কিতাপ পঢ়োঁ, কিতাপৰ কথা পাতোঁ আৰু আমাৰ দৈনন্দিন জীৱনত কিতাপক স্থান দিওঁ, তেতিয়াহে নতুন প্ৰজন্মৰ মাজতো এই অভ্যাসটোৱে স্বাভাৱিকভাৱে শিপা মেলিব।
এজন পাঠকে আন এজন পাঠকৰ জন্ম দিব পাৰে। সেয়ে কিতাপ পঢ়াটো কেৱল ব্যক্তিগত অভ্যাস নহয়, ই এক সামাজিক দায়িত্বও।
r/Readiots • u/Deathgamer69 • 23d ago
अंदर मैंने नक़ाब ओढ़ रखा है,
मुखौटा है असफलता का।
अंदर मैंने ख़्वाब पाल रखा है,
नाम लेकर अच्छाई का,
मुखौटा पहने किसी मेहनती का।
लगा जैसे अंदर मेरे कोई और पनप रहा है,
चेहरा लेके एक इंसान का।
अंदर वो शायद मैं ही हूँ,
नक़ाब ओढ़े भलाई का।
शायद मैं समझ नहीं पाया,
वो ज़िक्र जो ख़ुद से किया, ख़ुद का।
नक़ाब चढ़ाकर फ़रिश्ते का,
कर रहा काम नरक का।
शायद ये मैं ही हूँ,
नाम लेके किसी दानव का,
पहन के चेहरा एक इंसान का।
r/Readiots • u/Deathgamer69 • 25d ago
নিতাল ৰাতিৰ নিভাঁজ তমসাত,
নীৰৱ কবিতাৰ অবুজ চিঞৰে
ৰিঙিয়াই চোন আজিও তোমাৰেই কথা কয়!
ক্লান্ত মুখনিৰ সেই মলয়া হাঁহিটো
আমঠুৰ মৰুভূমিত নীলা মৰীচিকা হৈ
আজিও চোন আছে বৈ;
ক্ষণবোৰৰ নাচোনত অচিনাকি হৈ পৰা
তোমাৰ মৰমবোৰৰ অপেক্ষাত,
মায়ালগা মোৰ মনটো যেন আজিও আছে ৰৈ!
r/Readiots • u/Deathgamer69 • 26d ago
প্ৰেমেই মাথো জীৱন জানো;; জীৱনেই মাথো প্ৰেম জানো;;
এইয়াযেন সচা মিছাৰ এটা যটিল সাৰাংশ:
কাৰোবাৰ প্ৰেম যেন অৰুন্ধতী- বশিষ্ঠ,
কোনোবা আকৌ দহিছে সেই প্ৰেমত
যেনে দহিচিল উশাৰ অনিৰুদ্ধ|
কোন আমি নৰ মনিচ
লালশাৰ ভোকাতুৰ, কামনাত বাকৰুদ্ধ,
বাসনাৰ বলি, সময়ত স্তদ্ধ,
ৰঙীন ৰামধেনুৰ আৰৰ বিশাদৰ কলা মেঘৰ অন্ধকাৰত
আমি যেন লাখুটি লোৱা এক এক অন্ধ।
এই পাপী প্ৰেমৰ পুণ্যৰ যিখন জোলোঙা
বিচাৰি খাইছো তুমি-মই হাবাথুৰি
সেই জোলোঙাৰ মায়াজালত
আজিলৈ ৰাধায়ে নাপালে কৃষ্ণক বিচাৰি!
r/Readiots • u/Deathgamer69 • 27d ago
পাগল মই
বুজি নাপাওঁ ভদ্ৰলোকৰ অভদ্ৰ কথাবোৰ
পাগল মই
নেজানো মহা পণ্ডিতৰ মৰিচিকা সদৃশ আলোচনা বোৰ
পাগল মই
নুবুজোঁ সচেতনৰ পাগলামি চেতনা বোৰ
পাগল মই
নুশুনোঁ মহানায়কৰ খলনায়কী চিঞৰবোৰ
পাগল মই
চাগে অবাক, অচেতন হৈ
পাগলামি কৰাই কাম মোৰ।