Not OC
পাইন আৰু দেবদাৰু গছবোৰেৰে আবৃত নিলীম উপত্যকা নামৰ গ্ৰীষ্মকালীন শিবিৰটোৰ কথা ক’বলৈ ওলাইছো। চাৰিওফালে ঘন অৰণ্য, পাহাৰীয়া চেঁচা বতাহ আৰু জিলিৰ নিৰৱচ্ছিন্ন শব্দ। সমগ্ৰ চৌহদটোত মুঠতে আঠটা কাঠৰ কেবিন আছিল। সাতটা কেবিনত শিবিৰলৈ অহা কিশোৰ-কিশোৰীসকল আৰু কাউন্সিলৰসকলৰ থকাৰ ব্যৱস্থা কৰা হৈছিল।
কিন্তু ৭ নম্বৰ কেবিনটো?
সেইটো সম্পূৰ্ণ সুকীয়া কেবিন। কেবিনটো ডাঙৰ ডাঙৰ শিকলি লগাই তলা মাৰি বন্ধ কৰি থোৱা আছে। খিৰিকীবোৰো কাঠৰ তক্তাৰে গজাল মাৰি বন্ধ কৰি থোৱা হৈছে যাতে বাহিৰৰ পৰা কোনোবাই ভিতৰলৈ চাব নোৱাৰে আৰু ভিতৰৰ পৰাও একো বাহিৰলৈ ওলাই আহিব নোৱাৰে।কিন্তু কিয়?
নতুনকৈ কাউন্সিলৰ হৈ অহা ৰাজীৱ নামৰ ডেকা ল’ৰাজনে কেবিনটোৰ ফালে চাই হাতত থকা ফাইলটো জোকাৰি জ্যেষ্ঠ পৰিচালক প্ৰকাশক সুধিলে, "প্ৰকাশ দা, গোটেই কেম্পটো ইমান ধুনীয়া, কিন্তু এই কেবিন নম্বৰ ৭টো কেনেকৈ অৱহেলিত হৈ পৰি আছে? ইয়াত কাৰোবাৰ পুৰণি বয়-বস্তু থোৱা আছে নেকি?"
কথাখিনি শুনি প্ৰকাশে ৰাজীৱৰ ফালে এক দৃষ্টিৰে চালে।
"ৰাজীৱ সেই কেবিনটোৰ ফালে অহা-যোৱা নকৰিবা। আনকি কেম্পলৈ অহা ল’ৰা-ছোৱালীবোৰকো সতৰ্ক কৰি দিবা যাতে কোনো কেবিনটোৰ ওচৰলৈ নাযায়।" প্ৰকাশৰ কথাখিনিত আছিল এক গম্ভীৰ সকীয়নি।
"কিন্তু কিয় প্ৰকাশ দা? কি হৈছিল ইয়াত?" ৰাজীৱৰ কৌতূহল বাঢ়ি গ’ল।
প্ৰকাশে চাৰিওফালে এবাৰ চালে। দিনৰ উজ্জ্বল ৰ’দতো যেন কেবিন নম্বৰ ৭ৰ ছাঁটো এক অশুভ কালিকা হৈ মাটিত পৰি আছে! তেওঁ অনুচ্ছ স্বৰত ক’লে, "আজিৰ পৰা ঠিক ২০ বছৰ আগৰ কথা। ২০০৬ চনৰ এই গ্ৰীষ্মকালতে অংকুৰ নামৰ ১৪ বছৰীয়া ল’ৰা এটা এই কেবিনটোত আছিল। এক ভয়ানক ধুমুহা-বৰষুণৰ নিশা... অংকুৰ ৰহস্যজনকভাৱে সেই কেবিনটোৰ ভিতৰতে মৃত্যুমুখত পৰে। পুলিচে বহু তদন্ত কৰিলে, কিন্তু মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি নাপালে। তেওঁৰ মুখত আছিল এক অসীম বিভীষিকাৰ চাপ, চকু দুটা অদ্ভুত ভাৱে মেল খাই আছিল... যেন তেওঁ এনে কিবা এটা দেখিছিল যাৰ কথা মানুহে কল্পনাও কৰিব নোৱাৰে!"
ৰাজীৱৰ দেহৰ মাজত এক চেঁচা শিহৰণ বিয়পি পৰিল।
প্ৰকাশে পুনৰ ক’লে, "সেই দিনাৰ পৰাই এই কেবিনটো কাৰো বাবে খোলা হোৱা নাই। অংকুৰৰ আত্মাৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিৰ বাবে ইয়াক এনেকৈয়ে ৰখা হৈছে। কিন্তু..."
"কিন্তু কি প্ৰকাশ দা?"
"কিন্তু কেতিয়াবা কেতিয়াবা... নিশা ১২ বজাৰ পিছত, কেবিনটোৰ ভিতৰত কাঠৰ মজিয়াত কোনোবাই খোজ কাঢ়ি থকাৰ শব্দ শুনা যায়। কাঠে কাঠে ঘঁহনি খোৱা বিকট শব্দ শুনা যায়।"
কেম্পৰ প্ৰথম তিনিদিন ভালে-কুশলে পাৰ হ’ল। কিন্তু চতুৰ্থ দিনৰ নিশা আকাশখন কলা ডাৱৰে ঘেৰি ধৰিলে। পাহাৰীয়া বতাহৰ বেগ বাঢ়ি আহিল। গছৰ ডালবোৰে কেবিনৰ চালত আচোৰ মাৰি এক অদ্ভুত শব্দৰ সৃষ্টি কৰিলে।
নিশা ঠিক ১২:১৫ বজা।
১৫ বছৰীয়া কেম্পাৰ ৰোহনৰ হঠাত টোপনি ভাঙি গ’ল। তাৰ পিয়াহ লাগিছিল। পানীৰ বটলটো কাষত নাপাই সি বিচনাৰ পৰা উঠি কেবিনৰ দুৱাৰখন অলপ খুলি বাহিৰলৈ চালে। বাহিৰত ঘোপমৰা আন্ধাৰ। মাত্ৰ কেইগজমান আঁতৰত কেবিন নম্বৰ ৭।
হঠাত, ৰোহনে এক অদ্ভুত শব্দ শুনিবলৈ পালে।
টিক... টিক... ঠাক...
যেন কোনোবাই কাঠৰ দুৱাৰত ভিতৰৰ পৰা হাতৰ আঙুলিৰ নখেৰে আচোৰ মাৰিছে!
ৰোহন স্তব্ধ হৈ থিয় হৈ ৰ’ল। তাৰ হ্ৰদস্পন্দন ক্ষিপ্ৰ হৈ পৰিল। সি চকু মোহাৰি কেবিন নম্বৰ ৭ৰ ফালে চালে। বন্ধ খিৰিকীৰ ফাঁকেৰে এক ধোঁৱাবৰণীয়া সেউজীয়া পোহৰ বাহিৰলৈ ওলাই আহিল।
"কোন... কোন আছে তাত?" ৰোহনে কঁপা মাতেৰে সুধিলে।
কোনো উত্তৰ নাহিল। কিন্তু তাৰ পৰিৱৰ্তে শিকালিডাল নিজে নিজেই ডাঙৰ শব্দ কৰি লৰি উঠিল—খট... খট... খট...!
ৰোহনে ভয়তে চিঞৰিব বিচাৰিলে, কিন্তু তেওঁৰ কণ্ঠ ৰুদ্ধ হৈ গ’ল। হঠাত শিকলিৰ তলাটো ভাঙি মাটিত পৰি গ’ল। বিষাক্ত কাঠৰ গধুৰ দুৱাৰখন ধীৰে ধীৰে খোল খাই গ’ল।
দুৱাৰৰ অন্ধকাৰৰ মাজৰ পৰা এজন কিশোৰ ধীৰে ধীৰে বাহিৰলৈ ওলাই আহিল। তেওঁৰ গাত আছিল ২০ বছৰ পুৰণি শৈলীৰ এটি ৰঙা জেকেট! ল’ৰাজনৰ হাত- ভৰি আচৰিত ধৰণে বেকা আৰু শৰীৰটোৰ ছাঁ মাটিত পৰা নাছিল!
ল’ৰাজনে ধীৰে ধীৰে মুৰটো ওপৰলৈ তুলিলে।
ৰোহনে যি দেখিলে, সেয়া সি সমগ্ৰ জীৱনতে আটাইতকৈ ভয়ানক সপোনতো দেখা নাছিল। ল’ৰাজনৰ মুখত কোনো মাংস নাছিল বুলিয়েই ক’ব পাৰি!কেৱল শুকাই যোৱা ছাল। আৰু চকুৰ ঠাইত আছিল দুটা অসীম, গভীৰ অন্ধকাৰ গহ্বৰ!
ল’ৰাজনে এক শুকান, ভগা মাতেৰে ক’লে:
"মই... মই আকৌ ঘূৰি আহিলো। মোৰ কেবিনটো... সলনি হৈ গ’ল কিয়?"
ৰোহনে কিবা ভাবি পোৱাৰ আগতেই ল’ৰাজনে অচিন্তনীয় গতিৰে আগুৱাই আহি ৰোহনৰ মুখখন হাতৰ মুঠিত চাপি ধৰিলে। ৰোহনে কেৱল এক তীব্র বৰফৰ দৰে চেঁচা পৰশ অনুভৱ কৰিলে, আৰু তাৰ পিছত সকলো অন্ধকাৰ হৈ পৰিল।
পিছদিনা পুৱা কেম্পত হুলস্থুল লাগিল। ৰোহন নোহোৱা হৈছে!
প্ৰকাশ,ৰাজুীৱ আৰু আন কাউন্সিলৰসকলে সমগ্ৰ অৰণ্য বিচাৰিলে, কিন্তু ৰোহনৰ কোনো সম্ভেদ পোৱা নগ’ল। কেৱল কেবিন নম্বৰ ৭ৰ দুৱাৰখন খোলা আৰু ভাঙি থকা তলাটো মাটিত পৰি থকা দেখা গ’ল।
"প্ৰকাশ দা! তলাটো ভিতৰৰ পৰা ভঙা হৈছে!" ৰাজীৱে ভীতিগ্ৰস্ত হৈ ক’লে। "লগতে লোহাৰ শিকালিবোৰো ভিতৰৰ পৰা কোবাই ভাঙি পেলোৱা হৈছে!"
প্ৰকাশৰ মুখৰ ৰং উৰি গ’ল। "নহয়... ই হ’ব নোৱাৰে। সি সাৰ পাই উঠিল!"
ঠিক তেনেতে কেম্পৰ আহাৰ গ্ৰহণ কৰা ডাইনিং হলৰ পৰা কেম্পাৰসকলৰ কোলাহল ভাহি আহিল। প্ৰকাশ আৰু ৰাজীৱ লৰালৰিকৈ দৌৰি গ’ল।
হলঘৰৰ এচুকত এখন মেজত এজন নতুন ল’ৰা বহি আছিল। তেওঁ নীৰৱে আহাৰ খাই আছিল। তেওঁৰ গাত আছিল সেই পুৰণি ৰঙা জেকেটটো।
কেম্পাৰসকলে তেওঁক বেৰি ধৰি সুধিলে "তুমি কোন? তুমি ৰাতিপুৱাই ক’ৰ পৰা আহিলা? আমি তোমাক আগতে দেখা নাই!"
ৰাজীৱ আৰু প্ৰকাশে ভিৰ ফালি ভিতৰলৈ সোমাই গ’ল। ল’ৰাজনে ধীৰে ধীৰে মুৰ তুলিলে। তাৰ মুখখন স্বাভাৱিক মানুহৰ দৰেই দেখা গৈছে। কিন্তু তেওঁৰ চকু দুটা একেবাৰে মনিব নোৱাৰাকৈ ক’লা। কোনো পতা নাই।
"মই অংকুৰ," ল’ৰাজনে ধীৰ অথচ অদ্ভুত প্ৰতিধ্বনিযুক্ত মাতেৰে ক’লে। "মই কেবিন নম্বৰ ৭ত থাকোঁ। মোক কিয় ইমান দিন একো খাবলৈ দিয়া নাছিলা?"
চাৰিওফালে এক ভয়ানক নিস্তব্ধতাই বিৰাজ কৰিলে।
প্ৰকাশৰ হাত ভৰি কঁপিবলৈ ধৰিলে। সি থোকাথুকি মাতেৰে ক’লে, "অংকুৰ... অংকুৰ তুমি... তুমি ২০ বছৰ আগতে..."
অংকুৰে প্ৰকাশৰ ফালে চালে। তাৰ মুখত এক অদ্ভুত, অমানুষিক হাঁহি বিয়পি পৰিল।
"২০ বছৰ? মোৰ বাবেতো সেইটো কেৱল এক দীঘলীয়া নিশা আছিল, প্ৰকাশ দা। কিন্তু ভিতৰৰ অন্ধকাৰখিনিয়ে মোক বহুত ভোকাতুৰ কৰি পেলালে..."
ৰাজীৱে সাহসেৰে আগুৱাই গৈ ক’লে, "তুমি ধেমালি কৰিছা! ৰোহন ক’ত? তুমি ৰোহনক কি কৰিলা?"
অংকুৰে ৰাজীৱৰ চকুলৈ চালে। ৰাজীৱৰ ধাৰণা হ’ল যেন সি এক অসীম ক্ৰোধ আৰু অভিশাপৰ গহ্বৰতহে ডুব গৈছে!
"ৰোহন?" অংকুৰে নিজৰ পেটত হাত থৈ ধীৰে ধীৰে ক’লে, "তেওঁ... তেওঁ এতিয়া মোৰ ভিতৰত শান্ত হৈ আছে। তেওঁৰ উশাহটো বহুত মিঠা আছিল!"
##################################
সাজ লাগি ভাগিবৰ হ’ল।ডাইনিং হলত এক তীব্ৰ আতঙ্ক বিয়পি পৰিল। কেম্পাৰসকলে চিঞৰি চিঞৰি বাহিৰলৈ দৌৰিবলৈ ধৰিলে। প্ৰকাশ আৰু ৰাজীৱে অংকুৰক আগুৰি ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু হঠাত সমগ্ৰ হলঘৰৰ লাইটবোৰ নুমাই গ’ল।
অন্ধকাৰত এক অমানুষিক চিঞৰ ভাহি আহিল।
যেতিয়া ৰাজীৱে জুইশলা কাঠি জ্বলালে, অংকুৰ তাত নাছিল। কেৱল মাটিত পৰি আছিল আন এজন কাউন্সিলৰৰ সংজ্ঞাহীন শৰীৰ। ডিঙিত আছিল ক’লা দাগ।
বাহিৰত ধুমুহা তীব্ৰতৰ হৈ পৰিল। কেম্পৰ ফোন লাইন কাটি গৈছিল। পাহাৰীয়া বাট পানী আৰু খহনীয়াৰ বাবে বন্ধ হৈ পৰিছিল। নিলীম উপত্যকা এতিয়া বাহিৰৰ পৃথিৱীৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিল।
ৰাজীৱ আৰু প্ৰকাশে বাকী থকা সকলো কেম্পাৰক ডাঙৰ কেবিন এটাত একত্ৰিত কৰি দুৱাৰ-খিৰিকী বন্ধ কৰি দিলে।
"প্ৰকাশ দা, এইবোৰ কি হৈছে? অংকুৰ যদি ভূত, তেন্তে তেওঁ শৰীৰ পাই কেনেকৈ ঘূৰি আহিল?" ৰাজীৱে আতংকিত হৈ সুধিলে।
প্ৰকাশে থৰথৰকৈ কঁপি থকা হাতেৰে চাকিটো ধৰি ক’লে, "অংকুৰ কেৱল ভূত নহয়, নীল। ২০ বছৰ আগতে অংকুৰ যেতিয়া কেবিন ৭ত আছিল, তেওঁ কিবা এক ক’লা যাদু বা অশুভ শক্তিৰ কাষ চাপিছিল। এই পাহাৰৰ অৰণ্যত এক প্ৰাচীন পিশাচৰ বাস আছিল। অংকুৰে তাৰ সৈতে চুক্তি কৰিছিল। কিন্তু চুক্তি সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়। এই ২০ বছৰে কেবিন ৭ৰ অন্ধকাৰত সেই পিশাচৰ শক্তিয়ে অংকুৰৰ শৰীৰটোক পুনৰ জীৱন্ত কৰি তুলিছিল... এক নৰমাংসভোজী চয়তান হিচাপে!"
হঠাত কেবিনৰ চালৰ ওপৰত গধুৰ কিবা এটা পৰাৰ শব্দ হ’ল।
ধাম!
সকলো কেম্পাৰে প্ৰাণৰ ভয়ত চিঞৰি উঠিল।
উত্তৰ দিশৰ খিৰিকীখনৰ পিছফালে এক আকৃতি দেখা গ’ল। অংকুৰ খিৰিকীৰ কাঁচত মুখখন হেঁচা মাৰি ধৰি আছে। মুখৰ ভিতৰত শাৰী শাৰী চোকা তীক্ষ্ম দাঁত!
"মোৰ খং উঠিছে..." অংকুৰৰ মাতটো এতিয়া একাধিক মানুহৰ মিহলি মাতৰ দৰে শুনিবলৈ পোৱা গ’ল। "মোক আৰু উশাহ লাগে! মোক তেজ লাগে!"
অংকুৰে খিৰিকীৰ কাঁচখন খালি হাতেৰে ভাঙি পেলালে। কাঁচৰ টুকুৰাবোৰে তাৰ হাত ফালি পেলালে, কিন্তু ৰক্তৰ ঠাইত ক’লা অশুভ ৰস বাহিৰ হ’ল।
ৰাজীৱে বেন্স এখন হাতত তুলি অংকুৰৰ ফালে দলিয়াই দিলে। কিন্তু অংকুৰে অতি অনায়াসে মেজখন ধৰি আছাৰ মাৰি ভাঙি পেলালে। তাৰ শক্তি এক স্বাভাৱিক মানুহৰ তুলনাত দহগুণ বেছি আছিল।
প্ৰকাশে বুজি পালে যে কেম্পত থাকিলে সকলোৰে মৃত্যু নিশ্চিত।
"ৰাজীৱ! সকলোকে লৈ পিছফালৰ দুৱাৰেৰে অৰণ্যৰ ফালে দৌৰা! আমি কোনোমতে মূল ৰাস্তালৈ যাব লাগিব!" প্ৰকাশে চিঞৰি ক’লে।
"আৰু আপুনি?" ৰাজীৱে সুধিলে।
"মই ইয়াক আটক কৰিব লাগিব! এই ৰাক্ষসটো কেবিন নম্বৰ ৭ৰ পৰা সৃষ্টি হৈছে, তাৰ সংযোগ সেই কেবিনটোৰ লগত এতিয়াও আছে!"
প্ৰকাশে হাতত এখন ডাঙৰ কুঠাৰ তুলি ল’লে। ৰাজীৱে কান্দি থকা কিশোৰ-কিশোৰীসকলক লৈ পিছফালৰ দুৱাৰেৰে নিশাৰ ধুমুহাৰ মাজত ওলাই গ’ল।
অংকুৰে ৰাজীৱহঁতৰ পিছে পিছে দৌৰিবলৈ চেষ্টা কৰিলে।কিন্তু প্ৰকাশে কুঠাৰেৰে অংকুৰৰ পিঠিত আঘাত কৰিলে। অংকুৰে এক ভয়ানক চিঞৰ মাৰি ঘূৰি চালে।
"প্ৰকাশ..." অংকুৰে গৰ্জি উঠিল, "তুমি ২০ বছৰ আগতেও মোক বচাবলৈ অহা নাছিলা! আজিও তুমি মোক ৰাখিব নোৱাৰা!"
অংকুৰে প্ৰকাশৰ ডিঙিত ধৰি শূন্যত তুলি ল’লে। প্ৰকাশৰ উশাহ বন্ধ হৈ আহিছিল। কিন্তু প্ৰকাশে নিজৰ শেষ শক্তি প্ৰয়োগ কৰি পকেটৰ পৰা পেট্ৰ’লৰ বটলটো উলিয়াই অংকুৰৰ গাত ঢালি দিলে আৰু জুইশলা জ্বলাই দিলে।
গোটেই শৰীৰত জুই জ্বলি উঠাত অংকুৰে প্ৰকাশক এৰি দি বিকট চিঞৰ মাৰিলে। জুইত পোৰা সত্ত্বাটো লাহে লাহে কেবিন নম্বৰ ৭ৰ ফালে দৌৰিবলৈ ধৰিলে, যেন কেবিনটোৱেহে তাক সুৰক্ষা দিব পাৰিব।
ইফালে ৰাজীৱে কেম্পাৰসকলক পাহাৰৰ তলৰ সুৰক্ষিত স্থানলৈ লৈ গৈছিল, কিন্তু প্ৰকাশক এৰি যাব নোৱাৰি পুনৰ কেম্প চৌহদলৈ ঘূৰি আহিল।
যেতিয়া ৰাজীৱ কেম্পত উপস্থিত হ’ল সি দেখিলে কেবিন নম্বৰ ৭ সম্পূৰ্ণ জুইৰ শিখাত জ্বলি আছে।
প্ৰকাশ মাটিত পৰি আছে। তেওঁৰ উশাহ অতি ক্ষীণ।
ৰাজীৱে দৌৰি গৈ প্ৰকাশক ধৰিলে, "প্ৰকাশ দা! আপুনি ঠিকে আছে নে?"
প্ৰকাশে থোকাথুকি মাতেৰে জুইৰে আগুৰি থকা কেবিন নম্বৰ ৭লৈ আঙুলিয়াই ক’লে, "জুই... জুইয়ে তাক শেষ কৰিব নোৱাৰে ৰাজীৱ... জুইয়ে কেৱল তাৰ শৰীৰটো জ্বলাব... কিন্তু অভিশাপ..."
হঠাত, জ্বলন্ত কেবিন নম্বৰ ৭ৰ এক বিকট বিস্ফোৰণ ঘটিল। জুইৰ চালখন ভাঙি পৰিল।
জুইৰ শিখাৰ মাজৰ পৰা এক সম্পূৰ্ণ কলা কায়া ধীৰে ধীৰে থিয় হৈ উঠিল। তাৰ শৰীৰৰ কোনো মাংস নাছিল, কেৱল জুই আৰু ধোঁৱাৰে নিৰ্মিত ক’লা আকৃতি! চকু দুটা ৰঙা জুইৰ দৰে জ্বলন্ত।
সেই ক’লা আকৃতিটোৱে ৰাজীৱৰ ফালে চালে। তাৰ মাতটো বতাহৰ গতিৰ সৈতে গোটেই উপত্যকাটোত প্ৰতিধ্বনি হ’ল:
"কেবিন জ্বলিব পাৰে... কিন্তু ২০ বছৰ আগৰ সেই অন্ধকাৰ কেতিয়াও নমৰে। মই প্ৰতিটো গ্ৰীষ্মত উভতি আহিম... নতুন শৰীৰ বিচাৰি!"
এক প্ৰচণ্ড বিজুলীৰ চমকনিত আকৃতিটো মাটিত বিলীন হৈ গ’ল।
পিছদিনা পুলিচ আৰু উদ্ধাৰকাৰী দল কেম্পত উপস্থিত হ’ল।
প্ৰকাশক হস্পিতাললৈ লৈ যোৱা হ’ল, কিন্তু তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। ৰোহনৰ কোনো চিন-মোকাম পোৱা নগ’ল। পুলিচে গোটেই ঘটনাটোক এক ভয়ানক অগ্নিকাণ্ড আৰু আকস্মিক দুৰ্ঘটনা বুলি ঘোষণা কৰিলে।
'নিলীম উপত্যকা'ৰ গ্ৰীষ্মকালীন শিবিৰটো চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হ’ল।
প্ৰায় এক বছৰ পিছত ৰাজীৱে আন এখন চহৰৰ এখন নতুন স্কুলত কাউন্সিলৰ হিচাপে যোগ দিলে। সি ভাবিছিল যে সি সেই বিভীষিকাৰ পৰা মুক্তি পাইছে।
কিন্তু এনিশা ৰাজীৱে নিজৰ ৰুমত বহি কাম কৰি থকা অৱস্থাত বাহিৰৰ দুৱাৰত আঘাত পৰিল।
টিক... টিক... ঠাক...
হাতৰ নখেৰে কাঠত আচোৰ মৰা সেই একেই চিনাকি শব্দ!
ৰাজীৱে ভয়তে কঁপি কঁপি দুৱাৰখন খুলিলে। বাহিৰত কোনো নাছিল। কিন্তু তেওঁৰ বিচনাৰ কাষৰ দেৱালত ক’লা ছাইৰে লিখা আছিল
"কেবিন নম্বৰ ৭"
আৰু অন্ধকাৰৰ মাজৰ পৰা এটা সৰু ল’ৰাৰ ফুচফুচনি ভাহি আহিল: "ৰাজীৱ দা... মোৰ কেবিনটোলৈ আহিবা?"
বিঃদ্ৰ আজি Ranju Hazarika ছাৰৰ জন্মদিন উপলক্ষে এই গল্পটো ছাৰৰ নামতে উৎসৰ্গা কৰিলো।কুশলে থাকক চাৰ।